মইনাপৰীয়া গাঁৱৰ এটি চমু ইতিহাস


  

অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে খ্যাত যোৰহাট মহানগৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্বত উত্তৰ‌-পূৱ দিশত অৱস্থিত মইনাপৰীয়া এখন পুৰণি গাঁও । গাঁওখনৰ পূ্ৰ্বপুৰুষসকল অতিজতে লখিমপুৰত বসবাস কৰিছিল । ১৫৬২-৬৩ খৃষ্টাব্দত কোচ ৰজা মহাৰাজ নৰনাৰায়ণে আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানত সেই সময়ৰ আহোম ৰাজ্যৰ স্বৰ্গদেউ চুখামফা বা খোৰাৰজা কোচ ৰজাৰ হাতত পৰাস্ত হৈ সন্ধি কৰিবলৈ বাধ্য হৈছিল । সন্ধিৰ অনান্য চৰ্তৰ লগতে কোচ ৰজা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ ভূ‌-খণ্ডৰ অধিকাৰী হৈছিল । আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানত চিলাৰায়ৰ সৈন্য বাহিনীত স্থানীয় ভূটীয়া আদি জনজাতি আৰু ভূঞাসকলেও যোগদান কৰি সহায় কৰিছিল । মহাৰাজ নৰনাৰায়ণে অভিযানৰ সামৰণি মাৰি উভতি গৈছিল যদিও সৈন্য বাহিনীৰ কিছুলোক থাকি গৈছিল । প্ৰবাদ অনুসৰি সেইসকলৰে কিছুমানলোক লখিমপুৰৰ নাৰায়ণপুৰত থকা মইন নামে এখন সৰু নৈ ( বৰ্তমান লুপ্ত, সম্ভৱত: প্ৰাকৃতিক কাৰণত কালক্ৰমত নৈখন লুপ্ত হয় ) ৰ পাৰত ভূঞা সকলৰ সৈতে সমাজ ধৰ্ম মানি গাঁও পাতি বাস কৰিছিল । সেই ঠাইত কিছুকাল থকাৰ পিছত, প্ৰাকৃতিক দুৰ্যোগ, জনসংখ্যা বৃদ্ধি আদি কাৰণত ‌আনুমানিক সপ্তদশ শতিকাৰ শেৰ্ষাদ্ধত মৰাচাল, বৰকোচ, নেওগ, ভলুকাগুৰিয়া আৰু কমাৰ নামে পাঁচটি পৰিয়াল সুবিধাজনক স্থান বিচাৰি ব্ৰহ্মপুত্ৰৰ দক্ষিন পাৰলৈ গুচি আহে আৰু বৰ্তমানৰ গাওঁখনৰ পৰা ৫ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত থকা ফেহুমুকলি নামে ঠাইত থাকিবলৈ লয় । সেই স্থানত থকা পাঁচটি পৰিয়ালৰ পাঁচটি ভেটিয়ে আজিও স্বাক্ষৰ বহন কৰে । ফেহুমুকলি ঠাই ডোখৰো স্থায়ী বসবাসৰ উপযোগী হিচাপে বিবেচিত নোহোৱাত বৰ্তমানৰ স্থানলৈ আহি স্থায়ীভাৱে থাকিবলৈ লয় । লখিমপুৰৰ মইন নৈৰ পাৰৰ পৰা উঠি অহাৰ কাৰণে কাষৰীয়া গাওঁসমুহৰ বাসিন্দাসকলে পৰিয়াল কেইটাক মইনপৰীয়া বুলি সম্বোধন কৰিবলৈ লয় আৰু পিছত মইনপৰীয়া নামৰ পৰিৱৰ্তন ঘটি গাওঁখনৰ নাম মইনাপৰীয়া হয় । ক্ৰমান্বয়ে এই পাঁচোটি পৰিয়ালৰ সৰু গাওঁখনিলৈ ঘৰগিৰি, ৰাগীয়া, বাৰিক আৰু ন-বৰা নামে চাৰিটি পৰিয়ালৰ আগমন ঘটে । গুৰু শিষ্য সমন্বিতে থাকিবৰ বাবে শ্ৰী শ্ৰী পটিয়ৰি সত্ৰখনিৰ এটি সন্ত পৰিয়াল গাওঁখনিলৈ অনা হয় । এইদৰে গাওঁখনিৰ পৰিসৰ বৃদ্ধি পাই এখনি পূৰ্ণ পৰ্যায়ৰ গাঁৱলৈ উন্নিত হয় ।